Price: ₹299.00
(as of Nov 28, 2024 11:13:19 UTC – Details)
Mare Asom Jiye Kun (মৰে অসম জীয়ে কোন ) : An Assamese novel written by Rita Choudhury (ৰীতা চৌধুৰী) and published by Jyoti Prakashan (জ্যোতি প্ৰকাশন). ৰীতা চৌধুৰী বাইদেউৰ সাহিত্যকৰ্মৰ কথা অসমীয়া পাঠক সমাজক নকৈ পৰিচয় দিয়াটো অৰ্থহীন। তেখেতৰ উৎকৃষ্ট লেখনী তথা সুকীয়া বিষয়বস্তুৰ বাবে সমগ্ৰ অসমতে বিখ্যাত। তেখেতক অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ লেখকসকলৰ মাজৰ এগৰাকী হিচাপে গণ্য কৰা হয়। কিছুদিন বিৰতিৰ পাছত প্ৰকাশ পাইছে তেখেতৰ নৱতম গ্ৰন্থ “মৰে অসম জীয়ে কোন”। বিভ্ৰান্ত বাস্তৱৰ পাছত কিছু বিৰতিৰ পাছত প্ৰকাশ হোৱা এই গ্ৰন্থখন তেখেতৰ আন সকলো গ্ৰন্থৰ দৰেই পাঠকৰ সমাদৰ লাভ কৰিব বুলি আমি আশাবাদী। তেখেতে ইতিমধ্যে তেখেতৰ সাহিত্য চৰ্চাৰ বাবে লাভ কৰা সন্মানসমূহ হʼল- অসম সাহিত্য সভা বঁটা, ১৯৮১,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, ২০০৬ (দেও লাংখুই), সাহিত্য অকাডেমি বঁটা, ২০০৮(দেও লাংখুই), অসম উপত্যকা সাহিত্য বঁটা (২০১৭)। তেখেতে ইতিমধ্যে কৈছে যে “এই লেখা সেই সকলৰ বাবে, যি মোৰ নিজস্ব পৰিচয়ক প্ৰাথমিক বুলি বিশ্বাস কৰে৷ মন্ত্ৰী পত্নীৰ পৰিচয়েৰে মেৰিয়াই যিসকলে নস্যাৎ কৰি নেপেলায় মোৰ স্বতন্ৰ অস্তিত্বক আৰু মোৰ নিজস্বতাক৷ যি বিশ্বাস কৰে মোৰ কলমটোৰ সততাক,তেওঁলোকৰ বাবেই এই লেখা…” গ্ৰন্থখনৰ কেইটিমান লাইনৰ জৰিয়তে এক আভাস পাঠকলৈ আগবঢ়ালোঁ। “কঠোৰ হ’ব নোখোজো৷ ৰুক্ষ হ’ব নোখোজো৷ কাকো আঘাত দিব নোখোজো৷ তথাপি সময়ে সময়ে উগ্ৰ হ’ব লগা হয়৷ প্ৰতিপক্ষৰ চকুত চকু থৈ ফেৰ পাতি ধৰিব লগা হয়…” এয়া ’মৰে অসম জীয়ে কোন’ ৰ কেইটামান বাক্য৷
ASIN : B08SLCZ1RZ
Publisher : Jyoti Prakashan; First Edition (1 January 2021)
Language : Assamese
Hardcover : 303 pages
Item Weight : 490 g
Dimensions : 23 x 15 x 2.5 cm
Country of Origin : India