Price: ₹699 - ₹62,500
(as of Apr 09, 2025 16:33:54 UTC – Details)
Benee: A novel based on rape, abuse, seduction, human sexualities; history and politics of sex; rule of fear and power; written by Saumitra Jogee in Assamese. ‘বেণী’ৰ মুখ্য চৰিত্ৰ মধুৱন্তী। মাত্ৰ ন বছৰ বয়সতে ধৰ্ষণৰ বলি হোৱা মধুৱন্তীয়ে মাকহঁতৰ ভয়ত লুকুৱাই পেলাইছিল সেই ভয়াৱহ, নিদাৰুণ ঘটনা। এটা সময়ত শৰীৰৰ ঘা শুকাই গৈছিল, কিন্তু মনৰ ভিতৰত ৰৈ গৈছিল এটুকুৰা দেগদেগীয়া ঘা। বিয়াৰ পাছত মধুৱন্তী স্বামী ময়ূখৰ সৈতে সহজ হ’ব পৰা নাছিল। ভয়ত চেঁচা পৰি গৈছিল তাইৰ শৰীৰ। দীৰ্ঘদিন ধৰি কঢ়িয়াই লৈ ফুৰা প্ৰশ্ন কিছুমানৰ উত্তৰ বিচাৰি বিচাৰি মধুৱন্তীয়ে এখন কিতাপ লিখাৰ কথা ভাবিছিল আৰু সেই সূত্ৰে পঢ়া-শুনা কৰা আৰু বিভিন্ন মানুহৰ সৈতে কথা পতা আৰম্ভ কৰিছিল। ইয়াৰ মাজেৰে তাই সোমাই পৰিছিল মানুহৰ যৌনতাৰ এখন অপৰিচিত, বৈচিত্ৰ্যপূৰ্ণ আৰু বিস্ময়কৰ জগতত। ছোৱালী তথা নাৰীৰ জীৱন দুৰ্বিসহ কৰি তোলা ধৰ্ষণ বা যৌন নিৰ্যাতনৰ ঘটনাবোৰ কোনোদিনে অন্ত নপৰিবই নেকি—এই প্ৰশ্নৰ উত্তৰ মধুৱন্তীয়ে বিচাৰি পাবনে? ‘মহাভাৰত’ৰ আঠোটা পৰ্বৰ নামেৰে ভাগ কৰা ‘বেণী’ৰ কাহিনীভাগো বিষয় অনুযায়ী আঠটা স্তৰত বিভক্ত। ‘মহাভাৰত’ৰ দৰেই এই উপন্যাসতো বৰ্ণিত হৈছে অনেক কাহিনী আৰু অজস্ৰ চৰিত্ৰৰ মাজেৰে উদ্ভাসিত হৈ উঠিছে মানৱ সত্তাৰ ভালেমান অনাৱিষ্কৃত ভয়াৱহ আৰু নিৰ্মম সত্য। মধুৱন্তী ঘটনাক্ৰমে সৌমিত্ৰ যোগী নামৰ এক চৰিত্ৰৰ সংস্পৰ্শলৈ আহে, যি নিজকে ‘ইউনিভাৰছিটি অৱ পাৱাৰ’ৰ গৱেষক হিচাপে পৰিচয় দিছিল; সৌমিত্ৰ যোগীয়ে মধুৱন্তীৰ সন্মুখত তুলি ধৰে ভয় আৰু ক্ষমতা সন্দৰ্ভত এনে কিছুমান ব্যাখ্যা, যি সলনি কৰি পেলাইছিল মধুৱন্তীৰ গোটেই চিন্তা প্ৰক্ৰিয়া। কিন্তু কোনোদিনে লগ নোপোৱা সৌমিত্ৰ যোগী নামৰ অদ্ভুত মানুহজন আচলতে কোন? ময়ূখৰ বন্ধু তিতিয়েও সৌমিত্ৰ যোগীৰ দৰেই সলাই পেলাইছিল তাইৰ চিন্তাৰ জগতখন। মধুৱন্তীৰ লাহে লাহে সন্দেহ হ’বলৈ ধৰে—তিতিয়েই সৌমিত্ৰ যোগী নহয়তো? পুলিচ আৰু আইন ব্যৱস্থাক এক ভয়ংকৰ মস্কৰাত পৰিণত কৰি অজ্ঞাত কোনোবাই ধৰ্ষণকাৰীক হত্যা কৰি থৈ যায় আৰু এই ঘটনাই সাধাৰণ মানুহৰ সঁহাৰি পাবলৈ ধৰে। এটাৰ পাছত এটাকৈ হত্যাকাণ্ড সংঘটিত কৰিবলৈ ধৰা সেই হত্যাকাৰীজনক মানুহে দস্যু ভাস্কৰ হিচাপে বিবেচনা কৰিবলৈ লয়। কিন্তু কোন এই ভাস্কৰ? ভাস্কৰৰ মতে এয়া তেওঁৰ একক প্ৰচেষ্টাত কৰা ন্যায়যুদ্ধ। এনেকুৱা কি কাহিনী আছে ভাস্কৰৰ, যিয়ে তেওঁক গঢ়ি তোলে এজন হত্যাকাৰী হিচাপে? *সৌমিত্ৰ যোগী* ‘অসমীয়া প্ৰতিদিন’ কাকতত ১৯৯৬ চনৰ পৰা সমাজ-ৰাজনৈতিক নিবন্ধ লিখাৰ মাজেৰে লেখক জীৱনৰ আৰম্ভণি। পৰৱৰ্তী সময়ত তেওঁ সম্পাদনা আৰু প্ৰত্যক্ষ সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰে। ২০০২ চনৰ পৰা ‘আজি’ কাকতৰ ‘হাটে-বাটে’, ‘সাপ্তাহিক জনমত’ৰ ‘দিছপুৰ ছংবাদ’, ‘অসমীয়া প্ৰতিদিন’ কাকতৰ ‘তৌবা-তৌবা’ শিতানত আৰু পৰৱৰ্তী সময়ত ‘নিয়মীয়া বাৰ্তা’, ‘আমাৰ অসম’ কাকতত ‘পাদটীকা’ শীৰ্ষক পষেকীয়া স্তম্ভত নিয়মিত ব্যংগ লিখিবলৈ লোৱা সৌমিত্ৰ যোগীৰ প্ৰকাশিত ব্যংগ সংকলন পাঁচখন, যথা—‘দ্বিতীয় দৰ্শনী’, ‘আত্মজীৱনী’, ‘গান্ধীৰ পুনৰ্জন্ম’, ‘আন এখন মহাজগতৰ আংশিক বৃত্তান্ত’ আৰু ‘সুগন্ধি কাউৰী’। ‘মধুশালা’ তেওঁৰ প্ৰথম উপন্যাস। ইয়াৰ উপৰি, প্ৰখ্যাত লেখক হাৱাৰ্ড ফাষ্টে বিশ্বখ্যাত কণ্ঠশিল্পী পল ৰবছনৰ জীৱনৰ এক বিশেষ ঘটনাৰ আধাৰত লিখা ‘পীক্স্কিল’ নামৰ গ্ৰন্থখন তেওঁ একে নামেৰে অসমীয়ালৈ অনুবাদ কৰিছে। একেদৰে ২০১০ চনৰ পৰা তেওঁ গল্পৰ বিশেষ বাৰ্ষিক সংকলন ‘বছৰৰ গল্প’ৰ সম্পাদক হিচাপে দায়িত্ব বহন কৰি আহিছে। ২০০৭ চনত প্ৰতিষ্ঠা লাভ কৰা প্ৰকাশন গোষ্ঠী ‘আঁক-বাক’ৰ স্বত্বাধিকাৰী সৌমিত্ৰ যোগীৰ প্ৰকাশন উদ্যোগ, অসমীয়া ভাষাৰ আয়ুস আৰু সাহিত্য বিষয়ক লৈ লিখা ‘মহৎ জাবৰ’ আন এখন বহুচৰ্চিত গ্ৰন্থ। ‘বেণী’ তেওঁৰ সদ্যপ্ৰকাশিত উপন্যাস। প্ৰথমখন উপন্যাস প্ৰকাশৰ দহ বছৰৰ পাছত প্ৰকাশ পোৱা এই উপন্যাসখনৰ বিষয়বস্তু ধৰ্ষণ, যৌন নিৰ্যাতন, যৌনতা, ভয় আৰু ক্ষমতা। ক’ব পাৰি, প্ৰেমৰ অন্ধকাৰ জগতখনৰ বিস্ময়কৰ ভালেমান সত্য অন্বেষণৰ কাহিনীয়ে ‘বেণী’।
Publisher : Aank-Baak (আঁক-বাক) (11 December 2023)
Hardcover : 510 pages
ISBN-10 : 9390610842
ISBN-13 : 978-9390610846
Item Weight : 850 g
Dimensions : 22 x 14 x 3 cm
Country of Origin : India
Packer : Aank-Baak
Generic Name : Assamese Novel