Price: ₹249 - ₹235.00
(as of Oct 09, 2024 12:38:07 UTC – Details)
শিৱসাগৰ জিলাৰ নিতাইপুখুৰীৰ এটা শিক্ষক পৰিয়ালত জন্মগ্রহণ কৰা ইন্দ্ৰাণীয়ে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয় (JEC)ৰ পৰা MCA পাছ কৰি এগৰাকী Senior Software Engineer হিচাপে IBMত কৰ্মজীৱন আৰম্ভ কৰা ইন্দ্ৰাণী বৰ্তমান ‘eTRAVELI’ৰ এপ্লিকেশ্যন ডেভলপাৰ হিচাপে গুটেনবার্গ, ছুইডেনত কৰ্মৰত। স্কুল-কলেজত থকাৰ পৰাই গল্প, কবিতা লিখিছিল যদিও কেতিয়াও কোনো কাকত বা আলোচনীত প্ৰকাশৰ বাবে পঠিওৱা নাছিল, ‘অৰ্ণৱ, আস্থা আৰু JEC’ তেওঁৰ প্ৰথম আনুষ্ঠানিক প্রকাশ। ‘অর্ণব, আস্থা আৰু JEC’ আগবাঢ়িছে পৰিয়ালৰ সকলোৰে মৰমৰ মাজত ডাঙৰ হোৱা এগৰাকী সলমনা কিশোৰীৰ কাহিনীৰে। কিশোৰী জীৱনৰ অলেখ অযুত সপোন, প্রথম প্ৰেমৰ কোমল স্নিগ্ধ অনুভূতি, জটিল জীৱনৰ সৈতে মুখামুখি হোৱা সময়ৰ অন্তর্দ্বন্দ্ব আৰু আধুনিকতাই আনি দিয়া যান্ত্রিকতাত জুৰুলা এটা প্ৰজন্মৰ সংঘাতৰ কাহিনী এই উপন্যাস। যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয় (JEC)ৰ পটভূমিত ৰচিত এই উপন্যাস এক কথাত ক’বলৈ গ’লে— পোহৰমুখী এজাক কিশোৰ-কিশোৰী তথা তৰুণ-তৰণীৰ হৃদয়পশা কাহিনী, যি মিঠা মিঠা আৰু ভাল লগা।
Language : Assamese
Paperback : 224 pages
ISBN-10 : 9385934864
ISBN-13 : 978-9385934865
Reading age : 12 years and up
Item Weight : 400 g
Country of Origin : India