Price: ₹450 - ₹430.00
(as of Nov 02, 2024 19:19:02 UTC – Details)
নাৰী কেডাৰৰৰ সংগ্ৰামী কাহিনীৰে উন্মোচন জুৰী বৰা বৰগোহাঞিৰ নেত্ৰী অসমৰ ইতিহাসত সংঘৰ্ষ আৰু ৰাষ্ট্ৰ সন্ত্ৰাসৰ এক দীৰ্ঘ অধ্যায় আছে। এই ইতিহাসে অসমৰ সামাজিক আৰু বাজনৈতিক জীৱনক প্ৰভাবিত কৰাৰ লগতে এক পৃথক চেতনাৰ জন্ম দিলে। বিচ্ছিন্নতাবাদী সশস্ত্ৰ সংগ্ৰামে ৰাজনৈতিক-সামাজিক জীৱনৰ গতি সলনি কৰিছে। আনহাতে এই বিপ্লৱৰ ইতিহাসৰ নেৰেটিভত পুৰুষ কেডাৰসকলক যোদ্ধা, সিদ্ধান্ত গ্ৰহণ কৰোতা হিচাপে প্ৰতিষ্ঠা কৰা হক্সল। অথবা স্বীকৃত হ’ল কেবল পুৰুষ বা পুৰুষ কেডাৰৰ ত্যাগ। যিবোৰ ইতিহাস বা গ্ৰন্থ লিখা হ’ল সেইবোৰতো সেই কথাকে প্ৰতিষ্ঠা কৰা হক্সল। অৰ্থাৎ এই ক্ষেত্ৰখনত পুৰুষৰ অৱদানকহে গুৰুত্ব দিয়া হ’ল। একেসময়তে সেই স-শস্ত্ৰ সংগ্ৰাম, বিপ্লৱ বা যুঁজখনত একাংশ নাৰী কেডাবো সক্ৰিয় ভাবে জড়িত আছিল। সাংগঠনিক কাম-কাজত প্ৰত্যক্ষ ভাৰে জড়িত নাথাকি বহু নাৰীয়ে পৰোক্ষভাৱে সাংগঠনিক প্ৰক্ৰিয়াত অংশ ল’লে। পৰ্ব্বৰ্তী সময়ত এই নাৰী কেডাৰসকলে বিভিন্ন সময়ত ৰাষ্ট্ৰ-বাহিনীৰ দ্বাৰা নিৰ্যাতিতা হোৱাই নহয় সামাজিক জীৱনতো নানা যাতনাৰ সমুখীন হক্সল। ভূটানৰ অপাৰেশ্যন অল ক্লিয়েৰৰ পিছত বহু নাৰী কেডাৰ ঘূৰি অহিবলৈ বাধ্য হক্সল। সামাজিক জীৱনলৈ প্ৰত্যাবৰ্তন তেওঁলোকৰ বাবে প্ৰত্যাহ্বান হৈ পৰিল। সেনাৰ আক্ৰমণত অথবা অৰণ্য, পাহাৰত স্বামী, সন্তানক হেৰুৱাই এইসকল নাৰী সম্পূৰ্ণ নিস্বঃ হৈ পৰিল। সৰ্বস্ব হেৰুৱাই ঘূৰি অহা নাৰী কেডাৰসকলৰ বাবে পৰৱৰ্তী সময়ৰ জীৱন, জীৱিকা সহজ নাছিল। শূন্য হাতেবে জীয়াই থকাৰ সংগ্ৰাম এখনত অৱতীৰ্ণ হক্সব লগা হোৱাই নহয় সামাজিক জীৱনত বাধা আৰু সন্দেহৰ মুখামুখী হক্সল। একেসময়তে বহু প্ৰাক্তন সতীৰ্থই কটোৱা বিলাসী জীৱনৰ পৰিবৰ্তে এইসকলে কটাই আহিছে সীমাহীন সংগ্ৰামপূৰ্ণ জীবন। এই কষ্ট আৰু সংগ্ৰাম পৰৱৰ্তী প্ৰজন্মলৈও গক্সল। বিদ্ৰোহী সাহিত্যত এই বিষয় লৈ যিবোৰ সাহিত্য ৰচনা কৰা হক্সল তাত এইসকল নাৰীৰ বিষয়ে বৰ বিশেষ আলোচনা নহক্সল। ফলত এইসকল নাৰী আন্ধাৰত ৰৈ গক্সল। কিন্তু এই নাৰীসকলক বাদ দি সংগ্ৰামখনৰ ইতিহাস সম্পূৰ্ণ হক্সব নোৱাৰে। বৰ্তমান প্ৰান্তীয় ইতিহাসৰ যথেষ্ট গুৰুত্ব আছে আৰু বহু লেখকে প্ৰান্তীয় আৰু নিম্নবৰ্গৰ সমাজখনক লৈ সাহিত্য ৰচনাত মনোযোগ দিছে। এই ইতিহাসকে সমল হিচাপে লৈ দীৰ্ঘদিনে উপন্যাস লিখিছে জুৰী বৰা বৰগোহাঞিয়ে। ‘নেত্ৰী’ও তাৰ ব্যতিক্ৰম নহয়। ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে আজি পাঠকৰ বাবে উন্মোচন কৰি আগবঢ়াই দিয়া তেওঁৰ নৱতম উপন্যাস ক্সনেত্ৰীক্সয়ে অসমৰ স-শস্ত্ৰ সংগ্ৰামৰ আঁৰত ৰৈ যোৱা নাৰী কেডাৰৰ কথা পোহৰলৈ আনিছে। লগতে অসম তথা ভাৰতত নিষিদ্ধ ঘোষিত সংগঠনটো ভূটান পাহাৰৰ পৰা বিতাড়িত হোৱা ভয়ানক পৰিবেশ পৰিস্থিতিক পাঠকৰ চকুৰ আগত তুলি ধৰিছে। সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী বনলতাক্সই এই উপন্যাসখন প্ৰকাশ কৰিছে। লেখিকাৰ ইয়াৰ পূৰ্বে প্ৰকাশ পাইছিল ‘কেম’ক্লেজ’ নামৰ এখন উপন্যাস। ‘কেম’ব্লেজ’ক বিশিষ্ট চিন্তাবিদ হীবেন গোহাঁই-এ ‘নিৰ্মম সময়ৰ দলিলক্স বুলি মত ব্যক্ত কৰিছিল। ‘নেত্ৰী’ ইতিপূৰ্বে প্ৰকাশিত ‘কেম’ফ্লেজ’ৰ চিকুৱেল। ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে জনোৱা মতে ‘নেত্ৰী কেম’ফ্ৰেজ’ৰ সম্পূৰ্ণ চিকুবেল নহয় যদিও ‘কেম’ফ্ৰেজ’ৰ দুটামান চৰিত্ৰ ক্সনেত্ৰীক্স উপন্যাসলৈ আহিছে। ঔপন্যাসিকগৰাকীয়ে মত প্ৰকাশ কৰি কৈছে ক্সসংগ্ৰামৰ যিটো আন্ধাৰ দিশ সেইটো নানা যাতনা আৰু ক্লেশেৰে ভৰা। সেয়া নিৰৱতাত হেৰাই যোৱাটো উচিত নহয়। সেয়ে হ’লে সমাজৰ একাংশ ব্যক্তিৰ প্ৰতি অন্যায় হ’ব। এইখিনি কথা মুক্তভাৱে উন্মোচন কৰাই মোৰ লক্ষ্য। কেম ক্সব্লেজৰ মাজেৰে প্ৰকাশ পোৱা সামাজিক সত্য কিছুমান গাঢ় ৰূপত ‘নেত্ৰী’ৰ মাজেৰে প্ৰকাশ পাইছে। পাঠকে এইখন উপন্যাসৰ মাজেৰে কিছু নিৰ্মম, কঠোৰ বাস্তৱক উপলব্ধি কৰিব পাৰিব।’ লেখিকাই বিশ্বাস কৰে যিবোৰ মানুহৰ কাহিনী ইতিহাসত লিখা নহয় সেইসকলৰ কাহিনী উপন্যাসতে লিখিব লাগিব, কাৰণ উপন্যাস সামজিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অংশ।
ASIN : B0DJ3KKGVM
Publisher : Banalata (26 September 2024)
Language : Assamese
Hardcover : 264 pages
Reading age : 10 years and up
Item Weight : 380 g
Dimensions : 18 x 12 x 5 cm
Country of Origin : India
Net Quantity : 380 Grams
Packer : New Market, Chandra Hazarika Path, Dibrugarh, Assam
Generic Name : NETREE